পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETVBHARAT 2025-01-09

Views 1

বৰপেটা : "পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটক আসন এৰি দিয়া সম্পৰ্কে বুথ সমিতি আৰু মণ্ডল সমিতিসমূহৰ মতামতক অগ্ৰাধিকাৰ দিয়া হ'ব ।" এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ।

বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সৈতে মিত্ৰজোঁটৰ মিত্ৰতা সন্দৰ্ভত এই কথা ব্যক্ত কৰে ।  

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত বৰপেটা জিলা বিজেপিৰ পূৰ্বৰ আৰু নৱনিৰ্বাচিত সভাপতি, মণ্ডল আৰু মৰ্চাৰ কাৰ্যকৰ্তাসকলক লৈ এখন সভাত অংশ লয় । এই সভাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয়, "মিত্ৰতা সন্দৰ্ভত বুথ পৰ্যায়ত সিদ্ধান্ত লোৱা হ'ব । মিত্ৰদলক আসন এৰি দিয়া সম্পৰ্কে মণ্ডল সমিতিসমূহে বুথৰ সৈতে আলোচনা কৰি এই সম্পৰ্কে জিলা সমিতিক অৱগত কৰিব । আৰু তাৰ পৰৱৰ্তী সময়ত বিধায়ক ফণীধৰ তালুকদাৰ, জিলা প্ৰভাৰী, পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা কো-ইনচার্জৰ লগতে জিলা সভাপতিয়ে এই সম্পৰ্কে সিদ্ধান্ত ল'ব ।"

লগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLSলগতে পঢ়ক :ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRA

Share This Video


Download

  
Report form
RELATED VIDEOS