২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন

ETVBHARAT 2025-01-12

Views 2

বৰপেটা: শনিবাৰে বৰপেটাৰ চেঙাত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মুছলমান গাঁৱত শনিবাৰে সন্ধিয়া দলীয় কৰ্মকৰ্তাক সংগ দিয়াৰ উদ্দেশ্যত উপস্থিত হয় সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে কয়,"অসমৰ চৌদিশে এতিয়া কেৱল মাত্ৰ ছিণ্ডিকেট আৰু কয়লা, পান-তামোল, গৰু, কাঠ সকলো সামগ্ৰীৰে ছিণ্ডিকেট চলি আছে, সেয়া জল জল পট-পট হৈছে । এইখন চৰকাৰ ছিণ্ডিকেটত সম্পূৰ্নভাৱে জড়িত তাত কোনো সন্দেহ নাই আৰু সেই কথা উমৰাংছৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৱে উদঙাই দিছে ।"

ইয়াৰোপৰি সাংসদ হুছেইনে কয়,"পঞ্চায়ত নিৰ্বাচন সঠিক সময়ত অনুষ্ঠিত কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা । নীতি নিয়ম নামানি জধে মধে কেবিনেটত অস্বাভাৱিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । ২০২৬ চনৰ আগতে অসমৰ বিজেপি চৰকাৰ পতন হ'ব সেয়া নিশ্চিত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথাৰ উমান পাইছে যাৰ কাৰণে শংকিত হৈছে ।"

লগতে পঢ়ক: কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDY

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRA

Share This Video


Download

  
Report form
RELATED VIDEOS