ধেমাজি: শিক্ষামন্ত্ৰী অচিৰেই ধেমাজি জিলাক পৰ্যটন ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । কিয় পৰ্যটকসকল ধেমাজিলৈ আহিব তাক লৈ শনিবাৰে শিক্ষা মন্ত্ৰী ড৹ ৰণোজ পেগু ধেমাজিত অনুষ্ঠিত হৈ থকা 'আত্মনিৰ্ভৰ ধেমাজি ' মেলাৰ কাৰ্যসূচীত ধেমজিত পৰ্যটনৰ উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে এইবাৰ নতুনকৈ সংজোযিত হোৱা 'ধেমাজি দৰ্শন'ৰ বাবে নিৰ্মিত তথ্য চিত্ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে ।
এই উপলক্ষে অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে কয়,"হোম ষ্টেৰ প্ৰয়োজনীয়তা আছে । হোম ষ্টেৰ পৰা লাভ নহ’ব পাৰে, লোকচান কেতিয়াও নহয় । যেতিয়া হোটেল খুলিব বা লজ খুলিব তেতিয়া লোকচান হ’ব পাৰে । সেয়ে আগন্তুক দিনত জিলাখনত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ জিলাখনৰ পাঁচখন গ্ৰীন ভিলেজ নিৰ্বাচন কৰা হ’ব । ইয়াৰ বাবে নিৰ্দিষ্ট নিয়মাৱলী থাকিব । নিৰ্বাচিত গাঁও কেইখনৰ উন্নয়নৰ বাবে প্ৰতিখন গাঁৱক ১০ লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।"
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক - ASSAM GOVT CABINET MEETING
দেশী-বিদেশী পৰ্যটক, ৰাষ্ট্ৰদূতৰ উপস্থিতিত সামৰণি পৰিল ঐতিহাসিক চৰাইদেউ মহোৎসৱ - CHARAIDEO FESTIVAL