উমৰাংছ কয়লা খনিত মৃত শ্ৰমিক সকলক পৰিয়ালক ৰাজ্য চৰকাৰ ফালৰ পৰা 10 লাখ টকাৰ চেক বিতৰণ।

ETVBHARAT 2025-01-19

Views 1

Intro: হাফলং 18 জানুয়াৰী:- উমৰাংছ তিনি কিলো কলামাটিত অসম কয়লা খনিত দুৰ্ঘটনাত নিহত শ্ৰমিক সকলৰ পৰিয়ালক আজি উমৰাংছত ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰাই। আজি বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীয়ে। Body:চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰাইয়ে কয় যোৱা দুই দিন আগতে মৰিগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰি জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰসমন বিভাগৰ পৰা 4 লাখ টকা মোট 10 লাখ টকা প্ৰদান কৰা হয়। আৰু বাকী সন্ধানহীন 5 জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা প্ৰদান কৰা হয়। বাকী 4 লাখ টকা পিচতে প্ৰদান কৰা হব। মন্ত্ৰীয়ে সাংবাদিকৰ আগতে কয় মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয়। কিন্তু এই শ্ৰমিক সকলৰ পৰিয়াল ভাল দৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।Conclusion: মন্ত্ৰী কৌশিক ৰাইয়ে কয় সন্ধানহীন 5 গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে বৰ্তমানে প্ৰতিদিনে 1 হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী কৌশিক ৰাইয়ে। Code:- AS10034

Share This Video


Download

  
Report form
RELATED VIDEOS