গুৱাহাটী : শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ দুই তাৰকা গোবিন্দা আৰু জন আব্ৰাহাম । সুকীয়া সুকীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ দুই তাৰকা অভিনেতা ৷
সোমবাৰে দুপৰীয়া মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় গোবিন্দা আৰু জন আব্ৰাহাম । ইফালে প্ৰিয় তাৰকা শিল্পী দুগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক সন্মুখৰ পৰা চোৱাৰ বাবে বিমানবন্দৰৰ বাহিৰত ভিৰ কৰে অনুৰাগীসকলে ।
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া গুৱাহাটীৰ যোৰাবাটত 'পাইন ক্লাব'ৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অভিনেতা গোবিন্দা ৷ আনহাতে, জন আব্ৰাহামেও ব্যক্তিগত কাৰ্যসূচী হাতত লৈ গোবিন্দাৰ স’তে একেখন বিমানতে আহি গুৱাহাটীত উপস্থিত হয় ।
ডুৰাণ্ড কাপত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে জন আব্ৰাহাম । ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ খেলৰ বাবে আহিছে বলীউডৰ তাৰকা তথা স্বত্বধিকাৰী জন আব্ৰাহাম ।
লগতে পঢ়ক :ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান আজুৰিলে 'ৰঙাটাপু ১৯৮২' এ - NATIONAL FILM AWARDS 2025লগতে পঢ়ক :হিন্দী ছবিৰ বাবে পুনৰ থমকি ৰ'বলগীয়া হ'ল অসমীয়া ছবি - ASSAMESE FILMS